ভৰ্তি নীতি আৰু বিদ্যালয়ৰ নিয়মাবলী
এই ভৰ্তি নীতি বিদ্যালয়ৰ শৃংখলা, শৈক্ষিক পৰিবেশ আৰু ছাত্ৰ‑ছাত্ৰীৰ সুৰক্ষিত বিকাশ নিশ্চিত কৰাৰ উদ্দেশ্যে প্ৰস্তুত কৰা হৈছে। সকলো অভিভাৱক আৰু ছাত্ৰ‑ছাত্ৰীয়ে এই নিয়মসমূহ মানি চলাটো বাধ্যতামূলক।
- সকলো ছাত্ৰ‑ছাত্ৰীয়ে বিদ্যালয়ৰ নিয়মনীতি আৰু শৃংখলা কঠোৰভাৱে পালন কৰিব লাগিব।
- শিক্ষক আৰু বিদ্যালয় কৰ্তৃপক্ষৰ নির্দেশ মানি চলা বাধ্যতামূলক। অসদাচৰণ সহ্য কৰা নহ’ব।
- বিদ্যালয় চলি থকা সময়ত অনুমতি অবিহনে বিদ্যালয় চৌহদ ত্যাগ কৰিব নোৱাৰিব।
- নিয়মিত উপস্থিতি বাধ্যতামূলক। অনুপস্থিত থাকিলে অভিভাৱকৰ লিখিত আবেদন জমা দিব লাগিব।
- বিদ্যালয় ইউনিফৰ্ম পৰিধান কৰাটো বাধ্যতামূলক। স্পৰ্টছ ডে’ত স্পৰ্টিং ইউনিফৰ্ম পৰিধান কৰিব লাগিব।
- বিদ্যালয়লৈ সময়মতে উপস্থিত থাকিব লাগিব। বিলম্বিত উপস্থিতিৰ ক্ষেত্ৰত যুক্তিযুক্ত কাৰণ দেখুৱাব লাগিব।
- প্ৰতিটো ছাত্ৰ‑ছাত্ৰীয়ে পৰিচয় পত্ৰ (Identity Card) সদায় লগত ৰাখিব লাগিব।
- বিদ্যালয়ৰ সম্পত্তি নষ্ট কৰা, ঝগৰা কৰা বা অপ্ৰত্যাশিত আচৰণ কঠোৰভাৱে নিষিদ্ধ।
- পাঠদান চলি থকা সময়ত শৃংখলা বজাই ৰাখিব লাগিব আৰু কক্ষত মনোযোগ সহকাৰেঅংশগ্ৰহণ কৰিব লাগিব।
- বিদ্যালয়ৰ অনুষ্ঠান, খেল‑ধূলা আৰু সহ‑পাঠ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো উৎসাহিত আৰু প্ৰয়োজনীয়।
- অভিভাৱকৰ সহযোগিতা অবিহনে কোনো আনুষ্ঠানিক আবেদন গ্ৰহণ কৰা নহ’ব।
- বিদ্যালয়ৰ নিৰ্ধাৰিত ফি আৰু আন আন নিয়ম সময়মতে পালন কৰিব লাগিব।
- বিদ্যালয়ৰ নীতি‑নিয়ম উলংঘা কৰিলে নিলম্বন বা বহিষ্কাৰ কৰাৰ ক্ষমতা বিদ্যালয় কৰ্তৃপক্ষৰ আছে।
- অনৈতিক, অপৰাধমূলক বা বিদ্যালয়ৰ সুনাম ক্ষুণ্ণ কৰা কাৰ্যত জড়িত থাকিলে ভৰ্তি বাতিল কৰা হ’ব পাৰে।
গুরুত্বপূর্ণ: বিদ্যালয় কৰ্তৃপক্ষ প্রয়োজন অনুসৰি যিকোনো সময়তে নিয়ম সংশোধন বা পৰিবর্তন কৰাৰ অধিকাৰ সংৰক্ষণ কৰে। সকলো ছাত্ৰ‑ছাত্ৰী আৰু অভিভাৱকে এই সিদ্ধান্ত মানি চলিব লাগিব।